FOCUS Live
ডিমৌ অঞ্চলৰ সমূহ ৰাইজ, দ'ল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, প্ৰতিখন সমাজৰ উদ্যোগত শিল্পী জুবিন গাৰ্গৰ প্ৰতিছব্বিত মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পদযাত্রাৰ আয়োজন।
ডিমৌ মাৰৱাড়ী সমাজৰ তৰফৰ পৰা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কণ্ঠশিল্পী বিজয় বিশালৰ মায়বিনী পৰিৱেশন...
ডিমৌৰ ডিখাৰী তিনিআলি যুৱ সমাজে ডিখাৰী তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি, ধূপ জ্বলাই হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
শিৱসাগৰ জিলাৰ ডিমৌ কাষৰীয়া বকতা পুনিবিলৰ জীয়ৰী ৰিম্পী বুঢ়াগোহাঁয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন শিতানত তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে সমগ্ৰ ভাৰতবৰ্ষলৈ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ সোণৰ পদক জয়লাভ কৰি আজি নিজ গাঁও বকতা পুনিবিলত উপস্থিত হোৱা ৰিম্পীক স্থানীয় ৰাইজ তথা দল সংগঠতে বাইক ৰেলি কৰি গাঁৱলৈ আদৰি অনাৰ লগতে সুদক্ষ খেলুৱৈ গৰাকীক উষ্ম আদৰণি জনায়।
আমেৰিকাৰ আলাবামা বাৰ্মিংহামত অনুষ্ঠিত হোৱা World Police & Fire Games 2025 ত বকতা পুনিবিলৰ বৰ্তমান আসাম ৰাইফলছত নাগালেণ্ডত কৰ্মৰত এথলীট ৰিম্পীয়ে তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰি অসমৰ লগতে অঞ্চলটোলৈ এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ৰিম্পীৰ এই সফলতাত উৎফুল্লিত পৰিয়ালবৰ্গ তথা গাঁৱবাসী ৰাইজ।
আজি ডামচাও প্ৰেমানন্দ বুঢ়াগোহাঁই সমন্বয় ক্ষেত্ৰত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ বকতাৰ উদ্যোগত, পুনিবিল বাসীৰ অতিথ্যত তথা বকতাবাসীৰ সহযোগত তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰা বিশ্বজয়ী এথলীট ৰিম্পী বুঢ়াগোহাঁইক উৎসাহিত কৰাৰ অৰ্থে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়।
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Sibsagar
785662