Bhattadev University Confessions

Bhattadev University Confessions

Share

24/11/2022

যোৱাবাৰ যেতিয়া প্ৰথম বিশ্ববিদ্যালয়ত আহিছিলো, নিজৰ Departmentত আহি খোজ দিছিলো, সিদিনাই তোমাক আগফালৰ বেলকনিত থিয় হৈ থকা দেখিছিলো, চিনি পোৱা নাছিলো, তথাপি লাজে ভয়ে NB-5 ৰুম কোনটো সুধিছিলো,তুমি মোক দেখুৱাই দিছিলা লগতে চা-চিনাকিও হৈছিলো তোমাৰ লগত। কিবা এটা ভাল লাগিছিল তোমাৰ লগত কথা পাতি! পিছত লাহে লাহে ক্লাচবিলাক কৰি গৈ থাকিলু, পিছত শুনিলো তোমাক বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে, শুনি মনত বহুত ভাল লাগিছিল কিন্তু বুজি পোৱা নাছিলু আচলতে কি! কেইদিনমান পাছত তুমি হোৱাতচএপ গ্ৰুপত মেচেজ দিছিলা যে বিভাগীয় প্ৰাচীৰ পত্রিকা এখন বনোৱা হ'ব সকলোৱে সহায় সহযোগ কৰিবা। মোৰ খুব ভাল লাগিছিল কাৰণ এইবিলাক বিষয়ত মই বহুত আগ্ৰহী। যা নহওক তাৰে কামত ক্লাচ শেষ হেৱাৰ পিছতো সেইকেইদিন সদায় আছিলো চিনিয়ৰ দাদা-বাইদেউসকলৰ লগত,তুমি যে ইফালে সিফালে ঘুৰি আছিলা,বুজিছিলো বিভাগীয় প্ৰতিনিধি হিচাপে হিচাপ নিকাচ আদি সকলো দায়িত্ব তুমি কৰিব লগা হৈছিল, যদিও বাকী সকলো দাদা বাইদেউ সহায় সহযোগ আছিল। তেনেকৈয়ে সেইখন বনোৱা হৈ গল, উদ্বোধন ও হৈ গ'ল ভালে ভালে। তাৰ পিছত আহিল সকলোৱে আশাৰে বাট চাই থকা নৱাগত আদৰনি সভা। আহ: কি যে স্ফূর্তি লাগিছিল, তেতিয়াও জানিছিলো তুমি লগতে তোমাৰ লগৰবিলাকে দায়িত্ব ল'বা। খুব সুন্দৰকৈ অনুষ্ঠানটো হৈ গ'ল কিন্তু শেষত হোৱা অন্তৰংগ আলাপত যেতিয়া মোক প্ৰোপোজ কৰিব দিলে মই তোমাকে বিচাৰি আছিলো, নাপালু জানা😞। মনটো বেয়া লাগিছিল, যদিওবা সেইটো সচা নাছিল তথাপিও তেনেকৈয়ে আমাৰ প্ৰেমৰ আৰম্ভণি হ'ব বুলি ভাবিছিলু!পিছত গম পালো তুমি বুলে এইক্ষেত্ৰত বহুত লাজকুৰীয়া। বিভাগৰ সকলো কামত তুমি সদায় আগত, সকলোকে ভালকৈ মাতা ও,কিন্তু প্ৰেমৰ ক্ষেত্রত তুমি বহুত সাৱধান!
যিয়েই নহওক, তাৰ পিছত শুনিলো পিকনিক হ'ব , দায়িত্ব তুমাৰ হাতত সকলো, বহুত ব্যস্ত তুমি ,মোৰো সেইবাবে তুমাক সেইসময়ত একো কোৱা নহ'ল!
পিকনিকৰ দিনাও তোমাৰ যেন এবাৰ মোলৈ ঘূৰি চোৱাৰ সময় নহ'ল। যেৱাৰ পৰা অহালৈ তোমাক চাই আছিলো। বাৰু, সেইটো ও সুকলমে পাৰ হ'ল। তাৰ পিছত পৰীক্ষা কাৰনে তোমাক নেদেখা হলো বহুত দিন, মেচেজ দিম বুলি দিব নোৱাৰিলো ভয়তে! এপ্রিল মাহত Varsity week হব বুলি খবৰ পালো। ভাল লাগিছিল,তাতে আৰু আকৌ তুমি দায়িত্বত, মাজে মাজে ফুটবল ক্ৰিকেট শিকাই থকা অৱস্থাত তুমি মোৰ হৃদয়ত ভুমুকি মাৰিব আহিছিলা! কিমান যে ভাল লাগিছিল সময়বোৰ। আটাইতকৈ সুখৰ মূহুর্ত আছিল সেইখিনি যেতিয়া সাংস্কৃতিক সভাযাত্ৰাত আমাৰ বিভাগ প্ৰথম হৈছিল আৰু তোমাৰ চকুৱেদি চকুপানী বৈ আহিছিল,বুজিছিলো এয়া কিবা এটা পেৱাৰ আনন্দ, দিনে ৰাতি কৰা কষ্টৰ সুফল! জানা মোৰ সেই জয়ৰ উল্লাসত ওলাই অহা তোমাৰ চকুপানী খিনি মচি দিব মন গৈছিল, কিন্তু নোৱাৰো ইমানখিনি সাহস হোৱা নাছিল মোৰ! তেনেকৈয়ে গৈ গৈ তোমালোকৰ শেষ আহি গ'ল। মনটোক বুজাব পৰা নাছিলো তোমাক এবাৰ নেদেখিলে কেনেকৈ ক্লাচ কৰিম মই। হতাশাই আগুৰি ধৰিছিল সেই সময়ত! কিন্তু পিছত departmentত তুমাক দুদিনমান দেখা পাই সুধিয়েই পেলালো,দাদা তুমি ইয়াতে Admissionলবা নেকি। উত্তৰ আহিল, ভাবিছো ইয়াতে! উফফফফ: যেন প্ৰাণ ঘূৰি আহিল মোৰ, গোটেই ৰাতি ভাবিচু তোমাৰ কথা কেনেকৈ তোমাক কম মনৰ কথা! তাৰ পাছত আমাৰো পৰীক্ষা শেষ হ'ল, আগৰ দৰে তোমাক সদায় দেখা পোৱা হলো,তোমাৰ উপস্থিতিয়ে যেন মোক উজ্জীৱীত কৰে গোটেই দিনটো ক্লাচ কৰিবলৈ। দিন গৈ আছে, এতিয়া কাণে কাণে শুনিলো নিৰ্বাচনত সাধাৰন সম্পাদক পদত মনোনয়ন পত্র দাখিল কৰিছা। বিশ্বাস ৰাখা মই আছো, তুমি ভবামতেই সফল হ'বা। তোমাৰ মনত যদিও মই দূৰত,কিন্তু ওচৰৰ পৰাই মই সিমানখিনিলৈ কষ্ট কৰিম যিমানখিনিলৈ তোমাৰ জয়ে বিচাৰে! ৰাতিপুৱাৰ সূৰ্যৰ দৰে তুমি জিলিকি উঠিবা। মাথো বিশ্বাস ৰাখা নিজৰ ওপৰত ।আৰু শুনা সময়মতে খোৱা লোৱা কৰিবা, টোপনি ভালকৈ মাৰিবা, কষ্ট হ'ব বুজিছো কিন্তু আৰু মাথো কেইখোজমান দূৰত আছা আজি ৫ বছৰে পঢ়ি অহা কলেজ তথা বিশ্ববিদ্যালয় খনৰ হকে কিবা এটা কৰাৰ যি মানসেৰে ওলাই আহিছা তাক বাস্তৱ ৰূপত পৰিণত কৰিবলৈ!কেতিয়াবা ভাবো তোমাৰ ভাগৰ নালাগে নে,কিন্তু মোৰ মনে কয় তুমি তো আকাশৰ সমান বিশাল সপোন দেখি আছা,কিবা এটা কৰাৰ দুৰ্বাৰ হেপাহ বান্ধি ৰাখিছা!মই আছো প্ৰতিটো খোজত তোমাৰ সাহস হৈ।মৰম আশীর্বাদ, সহায়-সহযোগ সদায় আছে। ইয়াৰ পিছত মই তোমাক মোৰ মনৰ কথা কম বুলি ভাবিছো।গনিত বিভাগৰ নিশান্ত দাদা
শেষত আকৌ এবাৰ কও
",বৰষুণে মচি পেলোৱা চিয়াঁহী নহও মই,
হাতে হাতে ধৰি আগুৱাই যাম তোমাৰ লগত এন্ধাৰ বিনাশী আলোকৰ দেশলৈ"
ইতি
বিভাগৰে এজন তোমাৰ ছায়া হৈ থকা জুনিয়ৰ

Want your school to be the top-listed School/college in Pathsala?
Click here to claim your Sponsored Listing.

Address


Pathsala
781325