Creative Jayanta

Creative Jayanta

Share

24/11/2025

Video টো চালে সকলোৰে অতীতলৈ মনত পৰি যাব……
লগতে সকলোৰে অতীত ৰমন্থন কৰিবলৈ Video টো Share কৰি দিব

18/11/2025

তুমি বিহীন আজি প্ৰথমটো জন্মদিন,
কি সাহসেৰে জনাও জন্মদিনৰ শুভেচ্ছা,, কি সাহসেৰে লিখোঁ শুভ জন্মদিন বুলি, উকা আজি জননী অসম ভূমি ,, 😭😭😭উকা আজি আমাৰ হৃদয়, 😭😭😭

17/11/2025

নলবাৰী ৰাসৰ গ্ৰন্থমেলা অনুষ্ঠান কবিতা পাঠ



Creative Jayanta

Photos from Creative Jayanta's post 14/11/2025

কোন হয় নামটো নাজানো ….

- জুবিন দাৰ প্ৰতিমূৰ্তি বহুত দেখিলো কিন্তু কোনোবা বিশেষ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এইয়া যেন এক জীৱন্ত জুবিন গাৰ্গ । মন ভৰি গ’ল ❤️ প্ৰণাম হে মহান শিল্পী 🙏🏻

12/11/2025

মৃত চৰাইৰ পোৱালি কেইটা কিজানি অপেক্ষাত আছিল কেতিয়াকৈ মায়ে আমাৰ বাবে খাদ্য লৈ আহিব?
কিন্তু তেওঁলোকে যে নাজানে এই পৃথিৱীত শিলগুটি চুবুৱা মানুহৰ সংখ্যা যে বহু।
পাৰিলে নিজৰে মাকৰ মাংস খাব বিচৰা পাখান হৃদয় চিকাৰীয়ে ফাণ্ডত পৰা মা চৰাই জনীৰ তেজ টুপী জিয়াটো খাই তৃপ্তিৰ সোৱাদ লৈছে।

আনফালে দৃঢ় অপেক্ষাত উৎকট ভোকাটোৰ কণ কলিজাৰ পোৱালি কেইটা চিঞৰি কান্দিছে।

আশা বোৰ ৰৈ থাকিল কিজানি মৰমৰ মা জনী আহিব বুলি।

চাওঁতে চাওঁতে প্ৰখৰ অপেক্ষাৰ দীৰ্ঘ মনৰ আশা টোৱে দীৰ্ঘতম নিদ্ৰাত টোপনি যোৱালে। মৰমৰ মাজনী খাদ্য লয় উভতি নাহিল।

কিজানি মৃত্যুৰ সময়ত চিঞৰি অনুসূচনা কৰিছিল মোৰ কণ কলিজা কণমানি কেইটাৰ বাৰু কি হব?

কিজানি নিজ মৃত্যুত কৈ নিজ সন্তানৰ প্ৰতি চিন্তাৰ কথা লৈ কাতুৰী বিনাইছিল?

মোক যাবলৈ দে.....
মোক নামাৰিবি......
মই এজনী মাতৃ......
মোৰ তেজৰ সোৱাদ তই কিয় লবলৈ বিচাৰ...?

ধুকে ধুকে কান্দিলেও
চিঞৰি চিঞৰি বিনালেও

ওচৰত যেন কোনো নাই।

মা আৰু উভতি নাহিল?

পোৱালি কেইটা আনফালে চিৎকার কৰিছে।
পেটৰ গধুৰ ভোকটো শান্ত কৰিবলৈ নিজৰ ওচৰত একো যে নাই। অপেক্ষা মাথোঁ এটায়ে তই আহিবি নে মা .......?

সময় বাগৰিল পেটৰ গধুৰ ভোকটো নোহোৱা হল চিঞৰি থাকিবলৈ শক্তি নাইকিয়া হল।

অৱশেষত উশায়ে সাৰ মানিলে......?

চিঞৰি থকা কণ কলিজা কেইটাৰ উষা বন্ধ হল।

দিন বাগৰিল বৰষুণ আহিল, বতাহ আহিল,তীক্ষ্ণ ৰদৰ চাপ বাঢ়িল!

গলি গলি পচি অৱসান হল!
বাছি থাকিল মাত্ৰ।
কণ কলিজা কেইটাৰ কংকাল......?

জীৱ জন্তুক মৰম কৰিব নাজানিলে। তেওঁলোকক মৃত্য দিয়াৰ আপোনাৰ অধিকাৰ নাই।।

কাৰোবাৰ তেজ চেলেকাৰ আগতে এবাৰ ভাৱক.....?

সংগ্ৰহ ফেচবুক


#মনকৰিব
#লিখনি
#শিক্ষামূলক
#অসমীয়া
#গল্প

Want your establishment to be the top-listed Arts & Entertainment in Nalbari?
Click here to claim your Sponsored Listing.

Address


Nalbari
781304