AN Live

AN Live

Share

01/06/2026

নলবাৰীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰোজ আলীৰ এনকাউণ্টাৰত মৃত্যু মুকালমুৱাৰ মিছামাৰী চৰত আত্মগোপন কৰি আছিল। আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰোতে মুকালমুৱাত আৰক্ষীৰ গুলীত নিধন হয়৷

্ৰহ্মপুত্ৰত

01/06/2026

গীত কুকিলা সৰকাৰেৰ নৃত্য এগৰাকী ছাত্ৰীৰ ৷

Photos from AN Live's post 31/05/2026

*বৰছলাত কৰুণ দুৰ্ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী জাকিৰ হুছেইনৰ মৃত্যু*

মৰিগাঁও জিলাৰ বৰছলাত এক শোকাৱহ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। লাহৰিঘাট বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনত ঠিকাভিত্তিকভাৱে কৰ্মৰত এজন বিদ্যুৎ কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়।মৃত কৰ্মচাৰীজন হৈছে জাকিৰ হুছেইন (আনুমানিক বসয় ৩৬ বছৰ)। তেওঁৰ ঘৰ লাহৰিঘাট থানাৰ অন্তৰ্গত ২নং বৰছলা গাঁৱত। তেওঁ মৃত সুৰুজ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে জাকিৰ হুছেইনে বৰছলা আৰক্ষী পহৰা চকীৰ কাষতে অৱস্থিত জিয়ু টেলিকম কোম্পানীৰ এটা ট্ৰেন্সফৰ্মাৰৰ বিসংগতি মেৰামতি কৰিবলৈ অকলে যায়। মেৰামতিৰ কাম চলি থকা অৱস্থাত হঠাতে উচ্চ ভল্টেজৰ বিদ্যুতৰ সংস্পৰ্শলৈ আহি তেওঁ গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হয় আৰু ঘটনাস্থলীতেই মৃত্যুবৰণ কৰে।
ঘটনাৰ খবৰ লাভ কৰি বৰছলা আৰক্ষী পহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতকৰ পৰিয়াল আৰু আত্মীয়-স্বজনসকলে ঘটনাটোৰ নিৰপেক্ষ আৰু সঠিক তদন্ত দাবী কৰাৰ লগতে মৃত্যুৰ আঁৰত কোনো গাফিলতি বা দায়িত্বহীনতা আছিল নেকি সেয়া উদ্ঘাটন কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।দুই সন্তানৰ পিতৃ জাকিৰ হুছেইনৰ এই অকাল মৃত্যুৰ বাবে কোন দায়ী? কৰ্তৃপক্ষৰ কোনো ত্ৰুটি, নে সুৰক্ষা ব্যৱস্থাৰ অভাৱ? এই সকলো প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
ঘটনাটোৱে পুনৰ এবাৰ বিদ্যুৎ বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থা আৰু দায়বদ্ধতা সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলাম ৰ ৰিপোৰ্ট

্ৰহ্মপুত্ৰত

Want your business to be the top-listed Media Company in Mankachar?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Hazirhat Bazar
Mankachar