SAMAY ASSAM

SAMAY ASSAM

Share

SAMAY ASSAM is an initiative by Nattirtha (NGO) which covers the current issues and reflects the Art and Culture of our people and Exclusive NEWS is our prime focus.

29/05/2026

শুকুৰবাৰে মহানগৰীৰ বেলতলাৰ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ উন্নয়ন আয়ক্তৰ কাৰ্যলয়ত (হস্তশিল্প ) পানীৰ হাইচিন্ত আৰু বেত আৰু বাঁহৰ হস্তশিল্পৰ ওপৰত ৰপ্তানি অভিমুখী শীৰ্ষক এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এন ই আৰ ৰ আঞ্চলিক সঞ্চালক হৰা কান্ত বৰো।
পৰম্পৰাগত শিল্প সংৰক্ষণ কৰি বহন ক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰি হস্তশিল্পৰ সামগ্ৰীৰ বজাৰত প্ৰকোপ বৃদ্ধি কৰি শিল্পীসকলৰ সবলীকৰণৰ দিশত কাম কৰা আজিৰ এই অনুষ্ঠানৰ মূল লক্ষ্য বুলি জানিবলৈ দিয়ে সঞ্চালক গৰাকীয়ে।

29/05/2026

কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে নুমলীগড়ৰ সেনা জোৱান দুৰ্লভ গগ,.

ভাৰতীয় স্থল সেনাৰ ৪৯ বায়ু ৰক্ষা ৰেজিমেণ্টৰ হাবিলদাৰ গোলাঘাটৰ জিলাৰ নুমলীগড় পংকা বৰচাপৰিৰ দুৰ্লভ গগৈয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে। যোৱা ২৬ মে’ত শ্ৰীনগৰ সেনা ছাউনীত থকা অৱস্থাতে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।

১৯৮৪ চনৰ ২ এপ্ৰিলত পংকা বৰচাপৰিত জন্মগ্ৰহণ কৰা দুৰ্লভ গগৈয়ে শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছত কঠোৰ অনুশীলনৰ মাজেৰে সেনাবাহিনীত যোগদান কৰিছিল। অৱসৰ মাত্ৰ কেইটামান বছৰ বাকী থকা অৱস্থাতেই তেওঁৰ এই অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলবাসীক শোকাকুল কৰি তুলিছে।

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Telephone

Address


Gauhati